Grow GK

MCQ on Assamese Literature (Set-3) | অসমীয়া সাহিত্য | For any Competitive Exam


Very essential MCQs on Assamese Literature / অসমীয়া সাহিত্য ” (সম্পূৰ্ণ অসমীয়াত ).These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

MCQ on Assamese Literature

1. কোনে সৰ্বপ্ৰথম অসম ৰত্ন বঁটা লাভ কৰিছিল?
a) হোমেন বৰগোহাঞি।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c)চৈয়দ আব্দুল মালিক।
d)ড॰ ভূপেন হাজৰিকা

Ans:- d)ড॰ ভূপেন হাজৰিকা

Explanation:- অসম ৰত্ন 

  • অসম ৰত্ন অসমৰ সৰ্বোচ্চ অসামৰিক সন্মান ৷ সাহিত্য, কলা, বিজ্ঞান, সমাজসেৱা আদি ক্ষেত্ৰত বিশিষ্ট সেৱা আগবঢ়োৱা ব্যক্তিক এই সন্মান প্ৰদান কৰা হয় ৷
  • এতিয়ালৈকে এই বঁটা লাভ কৰা ব্যক্তি সকল হৈছে ড॰ ভূপেন হাজৰিকা (২০০৯), ড॰ মামণি ৰয়ছম গোস্বামী(২০১০), ড॰ জিতেন্দ্ৰনাথ গোস্বামী (২০১৫)

2. ‘সৰস্বতী সন্মান ’ বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
a)লক্ষ্মীনন্দন বৰা
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c)চৈয়দ আব্দুল মালিক।
d)ইমৰান শ্বাহ।

Ans:- a) লক্ষ্মীনন্দন বৰা, (২০০৮), ‘কায়কল্প’ উপন্যাসৰবাবে।

Explanation:- ‘সৰস্বতী সন্মান ’ বঁটা

  • ভাষাৰ যিকোনো এটাত গদ্য বা কবিতা সাহিত্যকৰ্মৰ বাবে সৰস্বতী সন্মান বঁটা প্ৰদান কৰা হয় ।
  • সৰস্বতী সন্মান ১৯৯১ চনত কে কে বিৰলা ফাউণ্ডেচনৰ দ্বাৰা প্ৰতিষ্ঠা কৰা হৈছিল।
  • ২০০৮ চনত লক্ষ্মীনন্দন বৰাক কায়কল্পৰ বাবে সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল।

3. ভাৰত ৰত্নবঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
a) গোপীনাথ বৰদলৈ
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c)চৈয়দ আব্দুল মালিক।
d)ড॰ ভূপেন হাজৰিকা

Ans:- a) গোপীনাথ বৰদলৈ, (১৯৯৯)

Explanation:- গোপীনাথ বৰদলৈ, (১৯৯৯)|{ভূপেন হাজৰিকা২০১৯}

4. শ্ৰীমন্ত শংকৰদেৱ বঁটালাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
a) কীৰ্তিনাথ হাজৰিকা।
b) ড॰ ভূপেন হাজৰিকা
c)ভৱপ্ৰসাদ চলিহা ।
d)মহেশ্বৰ নেওগ।

Ans:- a) কীৰ্তিনাথ হাজৰিকা।

Explanation:- শ্ৰীমন্ত শংকৰদেৱ বঁটা 

  • অসম চৰকাৰে ১৯৮৬ চনৰ পৰা সাহিত্য, কলা, সংস্কৃতি, সাংবাদিকতা আদিৰ ক্ষেত্ৰত ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতি অৰ্জন কৰা ব্যক্তিক  শ্ৰীমন্ত শংকৰদেৱ বঁটা আগবঢ়াই আহিছে।
  • ১৯৮৬ চনত কীৰ্তিনাথ হাজৰিকা ই এই বঁটা লাভ কৰা প্ৰথম ব্যক্তি আছিল ।

5. দাদাচাহেব ফাল্কে বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
a) কীৰ্তিনাথ হাজৰিকা।
b) ড॰ ভূপেন হাজৰিকা
c) ভৱপ্ৰসাদ চলিহা ।
d) মহেশ্বৰ নেওগ।

Ans:- b) ড॰ ভূপেন হাজৰিকা

Explanation:- দাদাচাহেবফাল্কেবঁটা 

  • ভাৰতীয় চলচ্চিত্ৰৰ জনকৰূপে অভিহিত দাদাচাহেব ফাল্কেৰ স্মৃতি ৰক্ষাৰ্থে দাদাচাহেবফাল্কেবঁটা প্ৰদান কৰা হয়।
  • ১৯৬৯ চনত দেবীকাৰাণী এই বঁটা লাভ কৰা প্ৰথম ব্যক্তি আছিল ।
  • ড॰ ভূপেন হাজৰিকা ১৯৯২ চনত ভাৰতৰ চলচ্চিত্ৰৰ সৰ্বোচ্চ সন্মান দাদা চাহেব ফাল্কে বঁটা লাভ কৰিছিল।

6. অসম উপত্যকা সাহিত্য বঁটালাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
a) কীৰ্তিনাথ হাজৰিকা।
b) ড॰ ভূপেন হাজৰিকা ।
c) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
d) মহেশ্বৰ নেওগ।

Ans:- c) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।

Explanation:- অসম উপত্যকা সাহিত্য বঁটা 

  • অসম উপত্যকা সাহিত্য বঁটা হৈছে অসমীয়া সাহিত্যৰ সৰ্বোচ্চ সাহিত্য পুৰস্কাৰ।
  • ৱিলিয়ামচন মেগৰ শৈক্ষিক ন্যাসৰ (Williamson Magor Group of Industries)  দ্বাৰা এই বঁটা প্ৰদান কৰা হয়। 
  • ১৯৯০ চনত আৰম্ভ কৰা এই বঁটা লাভ কৰা প্ৰথমগৰাকী লেখক আছিল ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।

7. সাহিত্য অকাডেমি বঁটা লাভ কৰা প্ৰথম জন অসমীয়া কোন আছিল?
a)যতীন্দ্ৰ নাথ দুৱৰা
b)বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
c)গুনভিৰাম বৰুৱা
d)ৰজনীকান্ত বৰদলৈ

Ans:- a) যতীন্দ্ৰ নাথ দুৱৰা ,১৯৫৫, কবিতা সংকলন।

Explanation:- সাহিত্য অকাডেমি বঁটা

  • সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।
  • ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়।
  • ১৯৫৪ চনৰ পৰা এই বঁটা  প্ৰদান আৰম্ভ কৰা  হৈছে ।
  • সাহিত্য অকাডেমি বঁটা প্ৰদান কৰা   ভাষাসমূহহ’ল:  অসমীয়া, ইংৰাজী, ওড়িয়া, কাশ্মিৰী, কোংকণী, কন্নড়,   গুজৰাটী, চাঁওতালি, ডোগ্ৰী, তামিল, তেলেগু, নেপালী, পঞ্জাবী, বঙালী,  বড়ো, মাৰাঠী, মালয়ালম, মণিপুৰী, মৈথিলী, ৰাজস্থানী, সংস্কৃত, সিন্ধআৰু হিন্দী।

8. সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম কি?
a) বনফুল
b) ঈয়াৰুইঙ্গম
c) অলকানন্দা
d) বেদনাৰ উল্কা

Ans:- a) বনফুল, যতীন্দ্ৰ নাথ দুৱৰা ,১৯৫৫, কবিতা সংকলন।

Explanation:- সাহিত্য অকাডেমি বঁটা

  • সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।
  • ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়।
  • ১৯৫৪ চনৰ পৰা এই বঁটা  প্ৰদান আৰম্ভ কৰা  হৈছে ।

9. সাহিত্যএকাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম কি?
a) বনফুল
b) ঈয়াৰুইঙ্গম
c) অলকানন্দা
d) বেদনাৰ উল্কা

Ans:- b) ইয়াৰুইঙ্গম, ড° বীৰেন্দ্ৰ কুমাৰ ভট্টাচার্য্য,১৯৬১

Explanation:- সাহিত্য অকাডেমি বঁটা

  • সাহিত্য অকাডেমি বঁটা হৈছে ভাৰতৰ ৰাষ্ট্ৰীয় সাহিত্যিক অনুষ্ঠান সাহিত্য অকাডেমিয়ে প্ৰতিবছৰে প্ৰদান কৰা এটা বঁটা।
  • সাহিত্য অকাডেমী পুৰস্কাৰপ্ৰাপ্ত প্ৰথম অসমীয়া পুথিখনৰ নাম হৈছে বনফুল
  • আনহাতে সাহিত্যএকাডেমীৰ বঁটা লাভ কৰা প্ৰথম অসমীয়া উপন্যাস খনৰ নাম হৈছে ঈয়াৰুইঙ্গম
  • ভাৰতৰ প্ৰধান চৌবিশটা ভাষাৰ কোনো লেখকৰ উল্লেখনীয় সাহিত্য-কৃতিৰ বাবে এই বঁটা দিয়া হয়।
  • ১৯৫৪ চনৰ পৰা এই বঁটা  প্ৰদান আৰম্ভ কৰা  হৈছে ।

10. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম আৰুএকমাত্ৰ লেখিকা গৰাকীৰ নাম কি?
a) মামণি ৰয়ছম গোস্বামী
b) নলিনীবালা দেৱী
c) অনুৰাধা শৰ্মা পূজাৰী
d) চন্দ্ৰপ্ৰভা শইকীয়ানী

Read More

অসমীয়া সাহিত্য Set-1 
অসমীয়া সাহিত্য Set-2 

Ans:- a) মামণি ৰয়ছম গোস্বামী

Explanation:- জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া লেখক

১৯৭৯বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমৃত্যুঞ্জয়
২০০০মামণি ৰয়ছম গোস্বামীজীৱনজোৰা সাহিত্য সাধনাৰ বাবে
২০২০নীলমণি ফুকনজীৱনজোৰা সাহিত্য সাধনাৰ বাবে

11. জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া সাহিত্যিক জন কোন আছিল?
a) নীলমণি ফুকন
b) মামণি ৰয়ছম গোস্বামী
c) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য
d) অমিতাভ ঘোষ

Ans:- c) বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য

Explanation:- জ্ঞানপীঠ বঁটা বিজয়ী অসমীয়া লেখক

১৯৭৯বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যমৃত্যুঞ্জয়
২০০০মামণি ৰয়ছম গোস্বামীজীৱনজোৰা সাহিত্য সাধনাৰ বাবে
২০২০নীলমণি ফুকনজীৱনজোৰা সাহিত্য সাধনাৰ বাবে

12. বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন কোন আছিল?
a) ৰংবং তেৰাং
b) য়েছে দৰজে ঠংচি
c) হীৰেন ভট্টাচাৰ্য
d) কন্দৰ্প নাথ শৰ্মা

Ans:- a) ৰংবং তেৰাং

Explanation:- বিষ্ণু ৰাভা বঁটা লাভ কৰা প্ৰথম ব্যক্তিজন হৈছে ৰংবং তেৰাং । তেওঁ ১৯৮১ চনত এই বঁটা লাভ কৰিছিল।

13 .প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
a) চন্দ্ৰ প্ৰসাদ শইকীয়া 
b) হোমেন বৰগোহাঁই 
c) নিৰোদ চৌধুৰী
d)মাধৱ কন্দলি।

Ans:- d)মাধৱ কন্দলি।

Explanation:- সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰচনা কৰিছিল ।

13. কাক অসমীয়া গদ্যৰ জনক বুলি জনা যায়? 
a) ৰত্ন কন্দলী 
b) ভট্টদেৱ 
c) লক্ষ্মীনাথ বেজবৰুৱা
d) চন্দ্ৰ কুমাৰ আগৰৱালা

Ans:- b) ভট্টদেৱ 

Explanation:-

  • এওঁক অসমীয়া গদ্য সাহিত্যৰ জনক আখ্যা দিয়া হয়।
  • ভট্টদেৱৰ প্ৰকৃত নাম বৈকুণ্ঠ ভাগৱত ভট্টাচাৰ্য বা চমুকৈ বৈকুণ্ঠনাথ ভট্টাচাৰ্য।
  • ভট্টদেৱে ভাগৱতৰ সাৰমৰ্ম ‘কথা-ভাগৱত’ ৰচনা কৰে। ইয়াৰ পিছত ভট্টদেৱে ‘কথা গীতা’, ‘কথা-ৰত্নাৱলী’ আদি গ্ৰন্থ ৰচনা কৰে।

14. প্ৰথম অসমীয়া গদ্য ৰচনাৰ নামটো কি?
a) কথা গীতা
b) কথা-ৰত্নাৱলী
c) কথা-ভাগৱত
d) সুৰভি

Ans:- a) কথা গীতা

15. প্ৰথম অসমীয়া গল্প সংকলন খনৰ নাম কি ?
a) সেউতী
b) বনকুঁৱৰী
c) সুৰভি
d) প্ৰিয়তমাৰ চিঠি

Ans:- c) সুৰভি

16. প্ৰথম অসমীয়া চুটি গল্পৰ জনক কোন ?
a) হোমেন বৰগোহাঞি।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c) চৈয়দ আব্দুল মালিক।
d) লক্ষ্মীনাথ বেজবৰুৱা ৷

Ans:- d) লক্ষ্মীনাথ বেজবৰুৱা ৷

17. প্ৰথম অসমীয়া চুটি গল্পটোৰ নাম কি  ?
a) সেউতী
b) বনকুঁৱৰী
c) সুৰভি
d) প্ৰিয়তমাৰ চিঠি

Ans:- a) সেউতী

18. অসমৰ প্ৰথম  ছনেট প্ৰণেতা কোন ?
a) হেমচন্দ্ৰ গোস্বামী।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c) চৈয়দ আব্দুল মালিক।
d) লক্ষ্মীনাথ বেজবৰুৱা ৷

Ans:- a) হেমচন্দ্ৰ গোস্বামী।

19. প্ৰথম অসমীয়া ছনেট খনৰ নাম কি?
a) সেউতী
b) বনকুঁৱৰী
c) সুৰভি
d) প্ৰিয়তমাৰ চিঠি

Ans:- d) প্ৰিয়তমাৰ চিঠি

Explanation:- হেমচন্দ্ৰ গোস্বামী অসমীয়া সাহিত্যত প্ৰথম ছনেট  প্ৰণেতা আৰু সেই ছনেটটোৰ নাম হৈছে প্ৰিয়তমাৰ চিঠি।‌‌

20. প্ৰথম অসমীয়া ছনেট পুথি খনৰ নাম কি?
a) সেউতী
b) লাহৰী 
c) মালচ
d) প্ৰিয়তমাৰ চিঠি

Ans:- c) মালচ

Explanation:- হিতেশ্বৰ বৰবৰুৱা দ্বাৰা লিখা প্ৰথম অসমীয়া চনেট কবিতা পুথি হৈছে মালচ ।‌‌

21. প্ৰথম অসমীয়া ছপা পুথিখনৰ নাম কি?

Ans:- আত্মাৰাম শৰ্মাৰ ধৰ্ম পুস্তক ৷

22. অসমীয়া ভাষাত প্ৰথম ব্যাকৰণ ৰচোঁতা কোন ?

উত্তৰ:- উইলিয়াম ৰবিনছন ‘গ্ৰামাৰ অব্‌ আছামিজ লেংগুৱেজ’৷

23. অসমীয়া ভাষাত প্ৰথম অভিধান ৰচোঁতা কোন ?

উত্তৰ:- মাইলছ ব্ৰনছন, ‘অসমীয়া আৰু ইংৰাজী অভিধান’ ৷

24. প্ৰথম অসমীয়া ছপা উপন্যাস খনৰ নাম কি?
a) সেউতী
b) লাহৰী 
c) মালচ
d) প্ৰিয়তমাৰ চিঠি

উত্তৰ:- লাহৰী, পদ্মনাথ গোহাঞিবৰুৱা ৷

25. প্ৰথম অসমীয়া ঐতিহাসিক উপন্যাস  খনৰ নাম কি?
a) সেউতী
b) পাতালপুৰী
c) ভানুমতী
d) প্ৰিয়তমাৰ চিঠি

উত্তৰ:- c) ‘ভানুমতী’ ,পদ্মনাথ গোহাঞি বৰুৱা।

26. প্ৰথম অসমীয়া শিশু উপন্যাস  খনৰ নাম কি?
a) সেউতী
b) পাতালপুৰী
c) ভানুমতী
d) প্ৰিয়তমাৰ চিঠি

উত্তৰ:- b) ‘পাতালপুৰী’, হৰগোবিন্দ শৰ্মা।

27. জনজাতীয় জীৱনৰ আধাৰত ৰচিত   প্ৰথম অসমীয়া উপন্যাসখনৰ নাম কি?
a) মিৰি জীয়ৰী
b) পাতালপুৰী
c) ভানুমতী
d) প্ৰিয়তমাৰ চিঠি

উত্তৰ:- a) ‘মিৰি জীয়ৰী’ ,ৰজনীকান্ত বৰদলৈ।

28. অসমীয়া সাহিত্যৰ উপন্যাস সম্ৰাট বুলি কাক জনা যায় ?
a) হেমচন্দ্ৰ গোস্বামী।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c) চৈয়দ আব্দুল মালিক।
d) ৰজনীকান্ত বৰদলৈ ৷

উত্তৰ:- d) ৰজনীকান্ত বৰদলৈ

29. প্ৰথম অসমীয়া ভ্ৰমণ কাহিনী খনৰ নাম কি ?
a) মিৰি জীয়ৰী
b) পাতালপুৰী
c) ভানুমতী
d) বিলাতৰ চিঠি

উত্তৰ:- d) বিলাতৰ চিঠি

30. প্ৰথম অসমীয়া কথা-কবিতাৰ ৰচক কোন ?
a) হেমচন্দ্ৰ গোস্বামী।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c) যতীন্দ্ৰ নাথ দুৱৰা ৷
d) ৰজনীকান্ত বৰদলৈ ৷

উত্তৰ:- c) যতীন্দ্ৰ নাথ দুৱৰা ৷

31. প্ৰথম অসমীয়া ৰোমাণ্টিক কবিতা খনৰ নাম কি ?
a) বনকুঁৱৰী
b) পাতালপুৰী
c) ভানুমতী
d) বনফুল

উত্তৰ:- a) বনকুঁৱৰী (কবি – চন্দ্ৰকুমাৰ আগৰৱালা) ৷

32. অসম সাহিত্যসভাৰ প্ৰথম সভাপতি কোন ?

উত্তৰ:- পদ্মনাথ গোহাঞিবৰুৱা ৷

33. অসম সাহিত্য সভাৰ প্ৰথম অধিবেশন কোন ঠাইত আৰু কিমান চনত হৈছিল?

উত্তৰ:- শিৱসাগৰত , ১৯১৭ চনৰ ডিচেম্বৰ মাহত ৷

34. অসম সাহিত্য সভাৰ প্ৰথম গৰাকী সম্পাদক কোন আছিলে ?

উত্তৰ:- শৰৎ চন্দ্ৰ গোস্বামী ৷

35. অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন আছিল?

উত্তৰ:- নলিনীবালা দেৱী, ১৯৫৪ৰ  যোৰহাট অধিৱেশনৰ সভাপতি ৷

36. প্ৰথম অসমীয়া আধুনিক নাটক খনৰ নাম কি?

উত্তৰ:- ‘ৰাম-নৱমী নাটক’,গুণাভিৰাম বৰুৱা।

37. প্ৰথম অসমীয়া আত্মজীৱনী খনৰ নাম কি?

উত্তৰ:- ‘মোৰ জীৱন সোঁৱৰণ’,লক্ষ্মীনাথ বেজবৰুৱা

38. অসমৰ প্ৰথম সংবাদ পত্ৰ খনৰ নাম কি?

উত্তৰ:- ‘অৰুণোদই’১৮৪৬, সম্পাদক : ডঃ নাথান ব্ৰাউন।

39. প্রথম অসমীয়া দৈনিক বাতৰি কাকত খনৰ নাম কি?

উত্তৰ:- দৈনিক বাতৰি, সম্পাদক – নীলমণি ফুকন ।

40. প্ৰথম অসমীয়া শিশু আলোচনী খনৰ নাম কি?

উত্তৰ:- ল’ৰাবন্ধু, সম্পাদক : কৰুণাভিৰাম বৰুৱা।

41. প্ৰথম অসমীয়া মিনি আলোচনী খনৰ নাম কি?

উত্তৰ:- বিন্দু, ১৯৭০,সম্পাদক: ভূপেন হাজৰিকা।

42. প্ৰথম অসমীয়া ব্যঙ্গ আলোচনী  খনৰ নাম কি?

উত্তৰ:- ‘কাৰ্টুন’, সম্পাদক : পুলক গগৈ।

43. অসমৰ বাহিৰত প্ৰকাশ পোৱা  প্ৰথম অসমীয়া আলোচনী খনৰ নাম কি?

উত্তৰ:- ‘জোনাকী’ , সম্পাদক : চন্দ্ৰ কুমাৰ আগৰৱালা।

44. প্ৰথম অসমীয়া সাদিনীয়া আলোচনী  খনৰ নাম কি?

উত্তৰ:- ‘নৱযুগ’, সম্পাদক : বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্য।

45. অসমৰ প্ৰথম ইংৰাজী দৈনিক  বাতৰি কাকত  খনৰ নাম কি ?

উত্তৰ:- ‘আছাম ট্ৰিবিউন’   , সম্পাদক : লক্ষ্মীনাথ ফুকন।

46. কৃষি বিষয়ক প্ৰথম আলোচনী খনৰ নাম কি?

উত্তৰ:- ‘আসাম কৃষক’, সম্পাদক : নাৰায়ণ চন্দ্ৰ বৰুৱা।

47. প্ৰথম অসমীয়া মহিলা আলোচনী  খনৰ নাম কি?

উত্তৰ:- ‘ঘৰ জেউতি’,সম্পাদক : কমলালয়া কাকতি, কনকলতা চলিহা।


Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top