Grow GK

MCQ on First in Assam (প্ৰথম অসমীয়া ) | For All Competitive Exam


Very Important MCQs on First in Assam (সাহিত্যত প্ৰথম). These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

First in Assam MCQ

1. ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালাভ লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
a) লাভলীনা বৰগোহাঞি
b) ভোগেশ্বৰ বৰুৱা
c) টালিমেৰেণ আও
d) মনালিচা বৰুৱা মেহতা

উত্তৰ : a) লাভলীনা বৰগোহাঞি।

ব্যাখ্যা:-

  • ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালাভ কৰে।
  • তেওঁ এই বঁটা লাভ কৰা প্ৰথম অসমীয়া ৰূপে পৰিগনিত হৈছে ।

2. অলিম্পিকত পদক লাভ কৰা অসমৰ প্ৰথমগৰাকী ব্যক্তি জনৰ নাম কি?
a) লাভলীনা বৰগোহাঞি
b) ভোগেশ্বৰ বৰুৱা
c) টালিমেৰেণ আও
d) মনালিচা বৰুৱা মেহতা

উত্তৰ : a) লাভলীনা বৰগোহাঞি।

ব্যাখ্যা:- লাভলীনা বৰগোহাঞি

  • অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰা তেওঁ অসমৰ প্ৰথম গৰাকী মহিলা ।
  • ২০২১ চনত অনুষ্ঠিত টকিঅ’ ২০২০ গ্ৰীষ্মকালীন অলিম্পিকত তেওঁ মহিলাৰ ৱেল্টাৰৱেইট শ্ৰেণীত ব্ৰঞ্জৰ পদক লাভ কৰে।
  • ২০২০ চনৰ অৰ্জুন বঁটা তেওঁ বক্সিঙৰ বাবে লাভ কৰে।
  • ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালাভ কৰে।
  • তেওঁক ২০২১ চনত অসম চৰকাৰে ‘অসম সৌৰভ’ বঁটা প্ৰদান কৰে।
  • ২০২১ চনত তেওঁ ভাৰতৰ সৰ্বোচ্চ ক্ৰীড়া সন্মান মেজৰ ধ্যানচান্দ খেলৰত্ন বঁটালাভ কৰে।

3. উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া কোনআছিল ?
a) ৰঞ্জন গগৈ
b) কৃষ্ণকান্ত সন্দিকৈ
c) হলিৰাম ডেকা
d) পাৰুল দাস

উত্তৰ : c) হলিৰাম ডেকা

ব্যাখ্যা:-

  • হলিৰাম ডেকা উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ মৰ্যাদা লাভ কৰা প্ৰথমজন অসমীয়া ।
  • ১৯৪৮ চনত গুৱাহাটীত উচ্চ ন্যায়ালয় স্থাপন হয় আৰু ন্যায়ালয়ৰ প্ৰথম গৰাকী পঞ্জীয়কৰূপে ডেকাই নিযুক্তি লাভ কৰে।
  • ১৯৬১ চনত প্ৰথম গৰাকী অসমীয়া হিচাপে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ আসনত অধিষ্ঠিত হয় ।

4. উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা প্ৰথমজন অসমীয়াৰ নাম কি?
a) ৰঞ্জন গগৈ
b) কৃষ্ণকান্ত সন্দিকৈ
c) হলিৰাম ডেকা
d) পাৰুল দাস

উত্তৰ : a) ৰঞ্জন গগৈ

ব্যাখ্যা:-

  • ভাৰতৰ উচ্চতম ন্যায়ালয়ৰ প্ৰথম মুখ্য ন্যায়াধীশ এইছ. জে. কানীয়া (Harilal Jekisundas Kania)আছিল।
  • ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ হোৱা  প্ৰথমজন অসমীয়া আছিল।
  • ৰঞ্জন গগৈ উচ্চতম ন্যায়ালয়ৰ ৪৬ তম মুখ্য ন্যায়াধীশ (২০১৮) আছিল ।

5. ভাৰত ‘এ’ দলত অন্তৰ্ভূক্ত হোৱা অসমৰ প্ৰথম ক্ৰিকেটাৰ জন কোন আছিল?
a) অমৰ সিং
b) ৰিয়ান পৰাগ
c) জাভেদ জামান
d) আবু নেচিম

উত্তৰ : c) জাভেদ জামান

6. ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া জনৰ নাম   কি?

উত্তৰ :ড° ফকৰুদ্দিন আলী আহমেদ।

  • ভাৰতবৰ্ষৰ  প্ৰথম ৰাষ্ট্ৰপতি আছিল ৰাজেন্দ্ৰ প্ৰসাদ (২৬ জানুৱাৰী ১৯৫০ – ১৩ মে ১৯৬২) ।
  • ফকৰুদ্দিন আলী আহমেদ ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি হোৱা প্ৰথম অসমীয়া ।
  • ফখৰুদ্দিন আলি আহমেদ ভাৰতবৰ্ষৰ পঞ্চমজন ৰাষ্ট্ৰপতি (১৯৭৪-১৯৭৭) আছিল।

7. অলিম্পিক গেমছত অংশ গ্ৰহণ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
a) লাভলীনা বৰগোহাঞি
b) শিৱ থাপা
c) টালিমেৰেণ আও
d) মনালিচা বৰুৱা মেহতা

উত্তৰ : c) টালিমেৰেণ আও

8. এছিয়ান গেমছত সোণৰ পদক বিজয়ী প্ৰথম অসমীয়া ব্যক্তি জনৰ নাম কি?
a) শিৱ থাপা
b) ভোগেশ্বৰ বৰুৱা
c) টালিমেৰেণ আও
d) মনালিচা বৰুৱা মেহতা

উত্তৰ : b) ভোগেশ্বৰ বৰুৱা

ব্যাখ্যা:- ভোগেশ্বৰ বৰুৱা

  • ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে ।
  • আৰু এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া ৰূপে পৰিগণিত হয় ।
  • সেই বছৰে (১৯৬৬ চনত) তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। 
  • তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া।

9. অৰ্জুন বঁটা লাভ কৰা প্ৰথমজন অসমীয়া কোন আছিল ?
a) শিৱ থাপা
b) ভোগেশ্বৰ বৰুৱা
c) টালিমেৰেণ আও
d) মনালিচা বৰুৱা মেহতা

উত্তৰ : b) ভোগেশ্বৰ বৰুৱা

ব্যাখ্যা:- ভোগেশ্বৰ বৰুৱা

  • ১৯৬৬ চনৰ বেংককত অনুষ্ঠিত এচিয়ান গেমছত তেওঁ ৮০০ মিটাৰ দৌৰত সোণৰ পদক অৰ্জন কৰে ।
  • আৰু এচিয়ান গেমছত সোণৰ পদক অৰ্জন কৰা তেওঁ প্ৰথমজন অসমীয়া ৰূপে পৰিগণিত হয় ।
  • সেই বছৰে (১৯৬৬ চনত) তেওঁক অৰ্জুন বঁটাৰে সন্মানিত কৰা হয়। 
  • তেওঁ হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া।

10. অৰ্জুন বঁটা লাভ কৰা প্ৰথম গৰাকী অসমীয়া মহিলা খেলুৱৈৰ নাম কি?
a) লাভলীনা বৰগোহাঞি
b) ভোগেশ্বৰ বৰুৱা
c) টালিমেৰেণ আও
d) মনালিচা বৰুৱা মেহতা

Read More

অসমীয়া সাহিত্য Set-1 অসমীয়া সাহিত্য Set-2
অসমীয়া সাহিত্য Set-3অসমৰ ভূগোল Set-1

উত্তৰ : d) মনালিচা বৰুৱা মেহতা

ব্যাখ্যা:- মনালিচা বৰুৱা মেহতা

  • মনালিচা বৰুৱা মেহতা  হৈছে অসমৰ এগৰাকী টেবুল টেনিছ খেলুৱৈ  ।
  • ১৯৮৭ চনত এওঁ অৰ্জুন বঁটা লাভ কৰে আৰু অৰ্জুন বঁটাৰে সন্মানিত তেখেত হৈছে দ্বিতীয় অসমীয়া (ভোগেশ্বৰ বৰুৱা হৈছে অৰ্জুন বঁটা বিজয়ী প্ৰথম অসমীয়া)।
  • আনহাতে, মনালিচা বৰুৱা মেহতা হৈছে অৰ্জুন বঁটা লাভ কৰা প্ৰথমগৰাকী অসমীয়া মহিলা ।

11. প্ৰথম অসমীয়া ৰাজ্যপাল জনৰ নাম কি?
a) দেৱকান্ত বৰুৱা
b) মহেন্দ্ৰ মোহন চৌধুৰী
c) বিষ্ণুৰাম মেধি
d) হিতেশ্বৰ শইকীয়া

উত্তৰ : c) বিষ্ণুৰাম মেধি

ব্যাখ্যা:- বিষ্ণুৰাম মেধি

  • বিষ্ণুৰাম মেধি, গোপীনাথ বৰদলৈৰ মন্ত্ৰীসভাত বিত্ত আৰু ৰাজহ মন্ত্ৰী আছিল ।
  • তেওঁ অসমৰ দ্বিতীয়গৰাকী মুখ্যমন্ত্ৰী আছিল ।
  • ১৯৫৭ চনৰ ২৮ ডিচেম্বৰৰ পৰা ১৯৬৪ চনৰ ৪ এপ্ৰিল লৈকে তেওঁ তামিলনাডুৰ ৰাজ্যপালৰ পদত আছিল।
  • ৰাজ্যপাল হোৱা তেওঁ প্ৰথমগৰাকী অসমীয়া ব্যক্তি আছিল । 

12. সংগীত – নাটক একাডেমীৰ অধ্যক্ষ হোৱা প্ৰথম অসমীয়া ব্যক্তিজন কোন আছিল?
a) হোমেন বৰগোহাঞি।
b) ড॰ ভবেন্দ্ৰ নাথ শইকীয়া।
c)চৈয়দ আব্দুল মালিক।
d)ড॰ ভূপেন হাজৰিকা

উত্তৰ : d)ড॰ ভূপেন হাজৰিকা

ব্যাখ্যা:- ড॰ ভূপেন হাজৰিকা

  • সংগীত নাটক একাডেমী ৰ অধ্যক্ষ পদ লাভ কৰোঁতা তেওঁ প্ৰথম গৰাকী অসমীয়া ব্যক্তি আছিল ।
  • অসম ৰত্ন বঁটা লাভ কৰোঁতা তেওঁ প্ৰথম গৰাকী অসমীয়া ব্যক্তি আছিল ।
  • ‘দাদা চাহেব ফাল্কে বঁটা‘ কৰোঁতা তেওঁ প্ৰথম গৰাকী অসমীয়া ব্যক্তি আছিল ।
  • ড॰ হাজৰিকাই কিছুদিন  গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যাপনা কৰিছিল।
  • ১৯৬৭ চনত নাওবৈচা সমষ্টিৰপৰা তেখেতে বিধায়ক নিৰ্বাচিত হৈছিল। 
  • ১৯৯৩ চনৰ শিৱসাগৰত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ ঊনষাঠিতম অধিবেশনৰ সভাপতিৰ আসন শুৱনি কৰিছিল।

13. পি এইচ ডি লাভ কৰা প্ৰথমঅসমীয়া ব্যক্তিজন কোন আছিল?
a) আনন্দৰামবৰুৱা।
b) লক্ষ্মীনাথ বেজবৰুৱা
c) আনন্দৰাম ঢেকিয়াল ফুকন
d) ময়িদুল ইছলাম বৰা ৷

উত্তৰ : d) ময়িদুল ইছলাম বৰা ৷

ব্যাখ্যা:- ময়িদুল ইছলাম বৰা ৷

  • ময়িদুল ইছলাম বৰাই ১৯৩০ চনত লণ্ডন বিশ্ববিদ্যালয়ত  গৱেষণা কৰি পি.এইচ.ডি. ডিগ্ৰী লাভ কৰে।
  • ১৯৪০ চনত যোৰহাটত বহা অসম সাহিত্য সভাৰ সভাপতি আছিল।

14. প্ৰথম অসমীয়া স্নাতক আৰু আই. চি. এছ. (I.C.S.) বিষয়া জনৰ নাম কি?
a) আনন্দৰাম বৰুৱা
b) দেৱকান্ত বৰুৱা
c) আনন্দৰাম ঢেকিয়াল ফুকন
d) পাৰুলদাস

উত্তৰ : a) আনন্দৰাম বৰুৱা ৷

ব্যাখ্যা:- ময়িদুল ইছলাম বৰা ৷

  • আনন্দৰাম বৰুৱা  সংস্কৃত ভাষাৰ এজন বিদগ্ধ পণ্ডিত আছিল।
  • তেখেতে অসমীয়া ভাষাত কোনো গ্ৰন্থ লিখা নাছিল।
  • আনন্দৰাম বৰুৱা অসমৰ প্ৰথম গ্ৰেজুৱেট, অধিবক্তা, বেৰিষ্টাৰ আৰু প্ৰথম অসমীয়া প্ৰশাসনিক বিষয়া (আই. চি. এছ.) । 

15. অসমৰ প্ৰথম ৰঙীণ চলচ্চিত্ৰ খনৰ নাম কি?
a) জয়মতীৰ
b) ইন্দ্ৰমালতী
c) ভাইটি
d) মনোমতী

 উত্তৰ : ভাইটি । ১৯৭২ চনত মুক্তিপ্ৰাপ্ত ভাইটি চলচ্চিত্ৰ খনৰ পৰিচালনা কৰিছিল কমল নাৰায়ণ চৌধুৰীয়ে । 

16. ডাক টিকটত স্থান পোৱা প্ৰথমজন অসমীয়া কোন আছিল?
a) দেৱকান্ত বৰুৱা
b) ড॰ ভূপেন হাজৰিকা
c) বিষ্ণুৰাম মেধি
d) লক্ষ্মীনাথ বেজবৰুৱা

 উত্তৰ : d) লক্ষ্মীনাথ বেজবৰুৱা । 

17. গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথমজন উপাচাৰ্য কোন আছিল?
a) দেৱকান্ত বৰুৱা
b) কৃষ্ণকান্ত সন্দিকৈ
c) বিষ্ণুৰাম মেধি
d) আনন্দৰাম ঢেকিয়াল ফুকন

 উত্তৰ : b) কৃষ্ণকান্ত সন্দিকৈ  

ব্যাখ্যা:- কৃষ্ণকান্ত সন্দিকৈ

  • ১৯৩০ চনত কৃষ্ণকান্ত সন্দিকৈয়ে নিজে জগন্নাথ বৰুৱা মহাবিদ্যালয় স্থাপন কৰি সেই মহাবিদ্যালয়ৰ প্ৰতিষ্ঠাপক অধ্যক্ষ ৰূপে  নিজৰ কৰ্ম জীৱনৰ পাতনি মেলে।
  • পাছত সন্দিকৈয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম গৰাকী উপাচাৰ্য হিচাপে ১৯৪৮ চনত নিযুক্তি লাভ কৰে।

18. জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া কোন আছিল?
a) দেৱকান্ত বৰুৱা
b) কৃষ্ণকান্ত সন্দিকৈ
c) বিষ্ণুৰাম মেধি
d) গোপীনাথ বৰদলৈ

 উত্তৰ : a) দেৱকান্ত বৰুৱা (১৯৭৫ চনত) ৷

ব্যাখ্যা:- দেৱকান্ত বৰুৱা

  • ১৯৬২-১৯৬৭ চনলৈ অসমৰ শিক্ষামন্ত্ৰী হিচাপে কাৰ্যনিৰ্বাহ।  
  • ১৯৭০ চনত বিহাৰৰ ৰাজ্যপাল।
  • ১৯৭৪ চনত ভাৰতীয় জাতীয় কংগ্ৰেছৰ সভাপতি হিচাপে নিৰ্বাচিত হয়।
  • জাতীয় কংগ্ৰেছৰ সভাপতি হোৱা প্ৰথমজন অসমীয়া আছিল ।

19. সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথম গৰাকী অসমীয়া লেখিকাৰ নাম কি?
a) মামণি ৰয়ছম গোস্বামী
b) নলিনীবালা দেৱী
c) অনুৰাধা শৰ্মা পূজাৰী
d) চন্দ্ৰপ্ৰভা শইকীয়ানী

 উত্তৰ : b) নলিনীবালা দেৱী

ব্যাখ্যা:- b) নলিনীবালা দেৱী

  • নলিনীবালা দেৱী অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি আছিল। 
  • অলকানন্দা কাব্যগ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰে।
  • সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী  অসমীয়া মহিলা ৰূপে পৰিগণিত হয়  ।
  • ইয়াৰ ওপৰিও নলিনীবালা দেৱী প্ৰথম মহিলা সাহিত্যিক পেঞ্চনাৰ আছিল ।

20. অসমৰ প্ৰথম গৰাকী মহিলা আই.পি.এছ.(I.P.S) কোন আছিল?
a) পাৰুল দাস
b) মীৰা শৰ্মা
c) ইয়ামিন হাজৰিকা
d) সুচিব্ৰতা ৰায়চৌধুৰী

 উত্তৰ : c) ইয়ামিন হাজৰিকা

21. অসমৰ প্ৰথম গৰাকী মহিলা আই.এ.এছ.(I.A.S.) কোন আছিল ?
a) পাৰুল দাস
b) মীৰা শৰ্মা
c) ইয়ামিন হাজৰিকা
d) সুচিব্ৰতা ৰায়চৌধুৰী

 উত্তৰ : a) পাৰুল দাস

22. অসমৰ প্ৰথম উচ্চ ন্যায়ালয়ৰ মহিলা ন্যায়াধীশ গৰাকীৰ নাম কি?
a) পাৰুল দাস
b) মীৰা শৰ্মা
c) ইয়ামিন হাজৰিকা
d) সুচিব্ৰতা ৰায়চৌধুৰী

 উত্তৰ : b) মীৰা শৰ্মা

23. অসমৰ প্ৰথম গৰাকী মহিলা এ.চি.এছ.( A.C.S.) কোন আছিল ?
a) পাৰুল দাস
b) মীৰা শৰ্মা
c) ইয়ামিন হাজৰিকা
d) সুচিব্ৰতা ৰায়চৌধুৰী

 উত্তৰ : d) সুচিব্ৰতা ৰায়চৌধুৰী

24. প্ৰথম অসমীয়া মহিলা চিকিৎসক কোন আছিল ?
a) পাৰুল দাস
b) ডাঃ ৰজনীপ্ৰভা শইকীয়া ।
c) ইয়ামিন হাজৰিকা
d) সুচিব্ৰতা ৰায়চৌধুৰী

 উত্তৰ : b) ডাঃ ৰজনীপ্ৰভা শইকীয়া ।

25. প্ৰথম অসমীয়া মহিলা স্নাতক কোন আছিল ?

 উত্তৰ: সুখলতা দুৱৰা আৰু সুধালতা দুৱৰা৷


Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top