Grow GK

Assamese Literature MCQs (Set-1) | অসমীয়া সাহিত্য | For any Competitive Exam


Ver essential MCQs on the topic ” Assamese Literature MCQ / অসমীয়া সাহিত্য “(Set-1) (সম্পূৰ্ণ অসমীয়াত ).These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

Assamese Literature MCQ

1.প্ৰথমে কোনে অসমীয়াত ৰামায়ণ ৰচনা কৰিছিল?
a) চন্দ্ৰ প্ৰসাদ শইকীয়া 
b) হোমেন বৰগোহাঁই 
c) নিৰোদ চৌধুৰী
d)মাধৱ কন্দলি।

Ans:- d)মাধৱ কন্দলি

Explanation :-
সপ্তকাণ্ড ৰামায়ণ ১৪শ শতিকাত মাধৱ কন্দলীয়ে অসমীয়া ভাষাত ৰচনা কৰিছিল ।

2. কোনে মাধৱ কন্দলিক “অপ্ৰমাদী কবি”বুলি আখ্যা দিছিল?
a) মাধৱদেৱ
b) ভট্টদেৱ   
c)শংকৰদেৱ
d)মহেন্দ্ৰ কন্দলী 

Ans:- c)শংকৰদেৱ

Explanation :-
মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱে মাধৱ কন্দলিক “অপ্ৰমাদী কবি” বুলি আখ্যা দিছিল

3. আদিকাণ্ড ৰামায়ণ কোনে ৰচনা কৰিছিল?
a) মাধৱদেৱ
b) ভট্টদেৱ   
c)শংকৰদেৱ
d)মহেন্দ্ৰ কন্দলী 

Ans:- a) মাধৱদেৱ

Explanation :-

  • মাধৱ কন্দলীয়ে ‘সপ্তকাণ্ড ৰামায়ণ পদবন্ধে নিবন্ধিলো’ বুলি কৈছে যদিও কালক্ৰমত ৰামায়ণৰ দুটা কাণ্ড হেৰাই যায়।
  • আদিকাণ্ড আৰু উত্তৰাকাণ্ড। 
  • আদিকাণ্ড মাধৱদেৱ ৰচনা কৰিছিল আৰু উত্তৰাকাণ্ড ৰামায়ণ শংকৰদেৱে ৰচনা কৰিছিল। 

4. মূল মহাভাৰতখন অসমীয়াত ভাঙনি কৰোঁতা জনৰ নাম কি?
a) হোমেন বৰগোহাঁই 
b) নিৰোদ চৌধুৰী
c)মাধৱ কন্দলি
d)ৰাম সৰস্বতী

Ans:- d)ৰাম সৰস্বতী

5. কাক অসমীয়া ব্যাস বুলি কোৱা হয় ?
a) মাধৱদেৱ
b) ভট্টদেৱ
c)মাধৱ কন্দলি
d)ৰাম সৰস্বতী

Ans:- a) মাধৱদেৱ

Explanation :-

  • ৰাম সৰস্বতীক ড॰ সত্যেন্দ্ৰনাথ শৰ্মাই “অসমীয়া ব্যাস” আখ্যা দিছে।
  • তেওঁৰ প্ৰকৃত নাম আছিল অনিৰুদ্ধ।
  • “ৰাম সৰস্বতী” ৰজা নৰনাৰায়ণে প্ৰদান কৰা উপাধি।

শংকৰদেৱ

6. অসমীয়া ভাষা- সাহিত্যৰ জনক কোন ? 
a)মাধৱদেৱ
b) ভট্টদেৱ   
c)শংকৰদেৱ
d)মহেন্দ্ৰ কন্দলী 

Ans:- c)শংকৰদেৱ

Explanation :-

  • জন্ম: ১৪৪৯ – মৃত্যু: ১৫৬৮
  • পিতাকৰ নাম কুসুম্বৰ ভূঞা আৰু মাকৰ নাম সত্যসন্ধা দেৱী

7. অংকিয়া নাট ৰচনা কৰিবলৈ শংকৰদেৱে কোনভাষা ব্যৱহাৰ কৰিছিল? 
a)পালি 
b)ব্ৰজাৱলী 
c)প্ৰাকৃত 
d)অপভ্ৰংশা

Ans:- b)ব্ৰজাৱলী 

8. নিম্নলিখিত কোন জন শ্ৰীমন্ত শংকৰদেৱৰ শিক্ষক আছিল? 
a)কুসুম্বৰ ভূঞা
b)মহেন্দ্ৰ কন্দলী
c)মাধৱদেৱ
d)খেৰসুতী

Ans:- b)মহেন্দ্ৰ কন্দলী

9. নিম্নলিখিত কোনটো শংকৰদেৱৰ দ্বাৰা লিখা প্ৰথম অংকিয়া নাট আছিল?
a)পত্নীপ্ৰসাদ
b)ৰাম বিজয়
c)ৰুক্মিণীহৰণ 
d)চিহ্নযাত্ৰা

Ans:- d)চিহ্নযাত্ৰা

10. শংকৰদেৱৰ দ্বাৰা ৰচিত  প্ৰথম কাব্যগ্ৰন্থ খনৰ নাম কি?
a) অজামিল উপাখ্যান
b)হৰিশ্চন্দ্ৰ উপাখ্যান
c)ৰুক্মিণীহৰণ 
d)কুৰুক্ষেত্ৰ

Ans:- b)হৰিশ্চন্দ্ৰ উপাখ্যান

মাধৱদেৱ

11. নামঘোষা কোনে ৰচনা কৰিছিল?
a) মাধৱদেৱ
b) ভট্টদেৱ    
c)শংকৰদেৱ
d)মহেন্দ্ৰ কন্দলী  

Ans:- a) মাধৱদেৱ

12. ‘নামঘোষা’ ত কিমানটা ‘ঘোষা’ আছে?
a)  ৫০০ 
b) ১০০০ 
c) ১৫০০ 
d) ২০০০০

Ans:- b) ১০০০ 

Explanation :-

নামঘোষা হৈছে মাধৱদেৱৰ দ্বাৰা ৰচিত ।
এহেজাৰ এজোলোকা ফাঁকিযুক্ত নামঘোষাক হেজাৰী ঘোষা ও বোলা হয়।

জোনাকী

13. ‘জোনাকী’ আলোচনীখনৰ প্ৰথম সংখ্যা কিমান চনৰ পৰা প্ৰকাশ হৈছিল ? 
a)1864
b)1888
c)1889
d)1898

Ans:- c)1889

Explanation:- জোনাকী’

  • ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।
  • ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। 
  • জোনাকীৰ পাততে চন্দ্ৰকুমাৰ প্ৰথম ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ প্ৰকাশ হয়।
  • এই আলোচনীখন ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে চলি আছিল, এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়।

14. জোনাকীৰ প্ৰথম সম্পাদক কোন আছিল? 
a)হোমেন বৰগোহাঁই 
b)চন্দ্ৰ কুমাৰ আগৰৱালা
c)ভবেন্দ্ৰ নাথ শইকীয়া 
d)পদ্মনাথ গোহাঞি বৰুৱা

Ans:- b)চন্দ্ৰ কুমাৰ আগৰৱালা

Explanation:- জোনাকী’

  • ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।
  • ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। 
  • জোনাকীৰ পাততে চন্দ্ৰকুমাৰ প্ৰথম ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ প্ৰকাশ হয়।
  • এই আলোচনীখন ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে চলি আছিল, এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়।

15. কোন খিনি সময়ক অসমীয়া সাহিত্যৰ ‘জোনাকী যুগ’ বুলি কোৱা হয়? 
a)১৮৪৬ চনৰ পৰা ১৮৮৯ চনলৈকে
b)১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে
c)১৮৮৯ চনৰ পৰা ১৯০৭ চনলৈকে
d)১৯০৩ চনৰ পৰা ১৯৪৭চনলৈকে

Ans:- b)চন্দ্ৰ কুমাৰ আগৰৱালা

Explanation:- জোনাকী’

  • ১৮৮৯ চনৰ ৯ ফেব্ৰুৱাৰীত পোনপ্ৰথমবাৰৰ বাবে এই আলোচনী চন্দ্ৰ কুমাৰ আগৰৱালাৰ সম্পাদনাত কলিকতাৰ পৰা প্ৰকাশ কৰা হয়।
  • ইয়াৰ দ্বিতীয় সম্পাদক আছিল হেমচন্দ্ৰ গোস্বামী। 
  • জোনাকীৰ পাততে চন্দ্ৰকুমাৰ প্ৰথম ৰোমাণ্টিক কবিতা ‘বন কুঁৱৰী’, হেমচন্দ্ৰ গোস্বামীৰ প্ৰথম অসমীয়া চনেট ‘প্ৰিয়তমাৰ চিঠি’ প্ৰকাশ হয়।
  • এই আলোচনীখন ১৮৮৯ চনৰ পৰা ১৯০৩ চনলৈকে চলি আছিল, এই সময়ছোৱাক অসমীয়া সাহিত্যৰ জোনাকী যুগ বুলি কোৱা হয়।

16. জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন ব্যক্তিৰ দুগৰাকী হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা আৰু হেমচন্দ্ৰ গোস্বামী। তৃতীয় গৰাকী কোন আছিল?
a) ডাঃ ৰজনীপ্ৰভা শইকীয়া।
b) আনন্দৰাম ঢেকিয়াল ফুকন ।
c)পদ্মনাথ গোহাঞি বৰুৱা।
d)লক্ষ্মীনাথ বেজবৰুৱা।

Ans:- d)লক্ষ্মীনাথ বেজবৰুৱা।

Explanation :-

জোনাকী যুগৰ ত্ৰিমূৰ্ত্তি নামে জনাজাত তিনিজন হ’ল চন্দ্ৰ কুমাৰ আগৰৱালা, লক্ষ্মীনাথ বেজবৰুৱা আৰু হেমচন্দ্ৰ গোস্বামী।

অৰুনোদই

17. ‘অৰুনোদই’ আলোচনীখনৰ প্ৰথম সংখ্যা কিমান চনৰ পৰা প্ৰকাশ হৈছিল ?
a) 1831
b) 1846
c) 1872
d) 1876

Ans:- b) 1846

Explanation:- ‘অৰুনোদই’

  • এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে’ছৰ পৰা প্ৰথম প্ৰকাশ পায়। 
  •  ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল নাথান ব্ৰাউন। 
  • মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদ পত্ৰ প্ৰকাশ কৰা হৈছিল  গদ্য-পদ্য-ভূগোল-বুৰঞ্জী-নীতি কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল।
  •  ১৮৮৩ চনত মিছন প্ৰেছ বন্ধ হোৱাৰ লগে লগে এই আলোচনীখনৰ প্ৰকাশো স্তব্ধ হৈ পৰে।

18. ‘অৰুনোদই’ আলোচনীখনৰ প্ৰথম সম্পাদক কোন আছিল ?
a)আনন্দৰাম ঢেকিয়াল ফুকন 
b)নাথান ব্ৰাউন
c)মাইলচ ব্ৰনচন
d)চন্দ্ৰ কুমাৰ আগৰৱাল

Ans:- b)নাথান ব্ৰাউন

Explanation:- ‘অৰুনোদই’

  • এই সংবাদ পত্ৰখন ১৮৪৬ চনৰ জানুৱাৰী মাহত শিৱসাগৰৰ মিছন প্ৰে’ছৰ পৰা প্ৰথম প্ৰকাশ পায়। 
  •  ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল নাথান ব্ৰাউন। 
  • মূলতঃ খ্ৰীষ্টান ধৰ্ম প্ৰচাৰৰ কাৰণে এই সংবাদ পত্ৰ প্ৰকাশ কৰা হৈছিল  গদ্য-পদ্য-ভূগোল-বুৰঞ্জী-নীতি কথা, দেশ-বিদেশৰ বতৰা, জীৱনী, কাহিনী আদি বিবিধ ৰচনা ইয়াত প্ৰকাশিত হৈছিল।
  •  ১৮৮৩ চনত মিছন প্ৰেছ বন্ধ হোৱাৰ লগে লগে এই আলোচনীখনৰ প্ৰকাশো স্তব্ধ হৈ পৰে।

বাঁহী

19. বাঁহী (আলোচনী) ৰ প্ৰথম সম্পাদক কোন আছিল? 
a)লক্ষ্মীনাথ বেজবৰুৱা
b)চন্দ্ৰ কুমাৰ আগৰৱালা
c)ভবেন্দ্ৰ নাথ শইকীয়া 
d)পদ্মনাথ গোহাঞি বৰুৱা

Ans:- a)লক্ষ্মীনাথ বেজবৰুৱা

20. ‘বাঁহী ’ আলোচনীখন কিমান চনৰ পৰা প্ৰথম প্ৰকাশ হৈছিল ? 
a)1864
b)1888
c)1889
d)1909

Ans:- d)1909

উষা

21. উষা (আলোচনী) ৰ প্ৰথম সম্পাদক কোন আছিল? 
a)লক্ষ্মীনাথ বেজবৰুৱা
b)চন্দ্ৰ কুমাৰ আগৰৱালা
c)ভবেন্দ্ৰ নাথ শইকীয়া 
d)পদ্মনাথ গোহাঞি বৰুৱা

Ans:- d)পদ্মনাথ গোহাঞি বৰুৱা

22. ‘উষা’ আলোচনীখন কিমান চনৰ পৰা প্ৰথম প্ৰকাশ হৈছিল ? 
a)1864
b)1888
c)1907
d)1909

Ans:- c)1907

23. ‘উষা’ আলোচনীখনত ‘কৃপাবৰ বৰুৱা’ ছদ্মনামত  কোনে প্ৰবন্ধ ৰচনা কৰিছিল? 
a)লক্ষ্মীনাথ বেজবৰুৱা
b)চন্দ্ৰ কুমাৰ আগৰৱালা
c)ভবেন্দ্ৰ নাথ শইকীয়া 
d)পদ্মনাথ গোহাঞি বৰুৱা

Ans:- a)লক্ষ্মীনাথ বেজবৰুৱা


Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top