Grow GK

Assam Geography MCQ (Set -1) | অসমৰ ভূগোল | For ADRE


Ver essential Assam Geography MCQ / অসমৰ ভূগোল (Set-1). (সম্পূৰ্ণ অসমীয়াত ).These questions are crucial for any Assam Govt Exam, like ADRE and APSC.

Assam Geography MCQ

1.অসমত কিমানটা তেল শোধনাগাৰ আছে:
a)  দুই
b)  তিনি
c)  চাৰি
d) পাঁচ

উত্তৰ: c) চাৰি

ব্যাখ্যা:- অসমত 4 টা তেল শোধনাগাৰ আছে-

  • ডিগবৈ তেল শোধনাগাৰ
  • গুৱাহাটী তেল শোধনাগাৰ
  • বঙাইগাঁও তেল শোধনাগাৰ
  • নুমলীগড় তেল শোধনাগাৰ

2 অসমৰ আটাইতকৈ ওখ পাহাৰ খনৰ নাম কি?
a) খাচী পাহাৰ
b) জয়ন্তীয়া পাহাৰ
c) বৰাইল পাহাৰ
d) ওপৰৰ এটাও নহয়

উত্তৰ: c)বৰাইল পাহাৰ

ব্যাখ্যা:- বৰাইল পৰ্বত (Borail Range) এই পৰ্বতমালা অসম তথা মণিপুৰ আৰু নাগালেণ্ডৰ কিছু অঞ্চল জুৰি বিস্তৃত । এই পৰ্বত প্ৰধানতঃ অসমৰ ডিমা-হাছাও জিলাত অৱস্থিত আৰু ই হৈছে অসমৰ আটাইতকৈ ওখ আৰু দীঘল পাহাৰ (বা পৰ্বত) ।

3. অসমত কিমানটা হস্তী সংৰক্ষিত বনাঞ্চল(Elephant Reserved) আছে?
a) 2
b) 3
c) 4
d) 5

উত্তৰ: d) 5

ব্যাখ্যা:-

  1. Chirang-Ripu ER
  2. Dhansiri-Lungding ER
  3. Kaziranga – Karbi Anglong ER
  4. Dihing-Patkai ER 
  5. Sonitpur ER 

4. ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান কিমান?
(A) প্ৰথম
(B) দ্বিতীয়
(C) তৃতীয়
(D) চতুৰ্থ

উত্তৰ: (B) দ্বিতীয়

ব্যাখ্যা:- ৰাষ্ট্ৰীয় উদ্যানৰ ক্ষেত্ৰত ভাৰতৰ ভিতৰত অসমৰ স্থান দ্বিতীয় |

  1. মধ্য প্ৰদেশত 11খন ৰাষ্ট্ৰীয় উদ্যান আছে আৰু
  2. অসমত 7খন ৰাষ্ট্ৰীয় উদ্যান আছে।

5. অসমত কিমানটা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল(Project Tiger Reserved ) আছে?
a) 2
b) 3
c) 4
d) 5

উত্তৰ: c) 4

ব্যাখ্যা:- অসমত 4 টা ব্যাঘ্ৰ প্ৰকল্প সংৰক্ষিত বনাঞ্চল(Project Tiger Reserved ) আছে

  1. মানস
  2. কাজিৰঙা
  3. নামেৰি
  4. ওৰাং

6. অসমত কিমানটা জৈৱমণ্ডল সংৰক্ষিত (biosphere reserved) অঞ্চল  আছে?  
a) 2
b) 4
c) 5
d) 7

উত্তৰ: a) 2

ব্যাখ্যা:- অসমত 2 টা জৈৱমণ্ডল সংৰক্ষিত (biosphere reserved) অঞ্চল  আছে

  1. মানস
  2. ডিব্ৰু-ছৈখোৱা

7. ভাৰতৰ বনপুৰুষ (Forest Man of India) হিচাপে কাক জনা যায়?
(a) যাদৱ পায়েং
(b) বিনোদ ঋষি
(c) নেহাৰা পাণ্ডে
(d) তৌকীৰ আলম

উত্তৰ: (a) যাদৱ পায়েং

ব্যাখ্যা:- যাদৱ পায়েংক ভাৰতৰ বনপুৰুষ (Forest Man of India) হিচাপে জনা যায় ।

  • মোলাই অৰণ্য হৈছে অসমৰ মাজুলী জিলাৰ এখন অৰণ্য ।
  • ইয়াক ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙৰ নামেৰে নামাকৰণ কৰা হৈছে।
  • বনাঞ্চলটো 30 বছৰৰ সময়সীমাত পায়েঙে এককভাৱে ৰোপণ কৰিছিল আৰু প্ৰায় 1,360 একৰ /550 হেক্টৰ এলেকা সামৰি লৈছিল।
  • পায়েঙে ব্ৰহ্মপুত্ৰ নদীৰ বালিদণ্ডত (sandbar) গছ ৰোপণ কৰিছিল আৰু ইয়াক বন সংৰক্ষিত স্থানলৈ পৰিৱৰ্তন কৰিছিল।

8. যাদৱ পায়েঙে কোনটো অৰণ্য এককভাৱে ৰোপণ কৰে?
(a) মোলাই ফৰেষ্ট
(b) লাওখোৱা ফৰেষ্ট
(c) বাৰাইল ফৰেষ্ট
(d) নামেৰি ফৰেষ্ট

উত্তৰ: (a) মোলাই ফৰেষ্ট

ব্যাখ্যা:- যাদৱ পায়েঙে মোলাই ফৰেষ্ট অৰণ্য এককভাৱে ৰোপণ কৰে

  • মোলাই অৰণ্য হৈছে অসমৰ মাজুলী জিলাৰ এখন অৰণ্য ।
  • ইয়াক ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙৰ নামেৰে নামাকৰণ কৰা হৈছে।
  • বনাঞ্চলটো 30 বছৰৰ সময়সীমাত পায়েঙে এককভাৱে ৰোপণ কৰিছিল আৰু প্ৰায় 1,360 একৰ /550 হেক্টৰ এলেকা সামৰি লৈছিল।
  • পায়েঙে ব্ৰহ্মপুত্ৰ নদীৰ বালিদণ্ডত (sandbar) গছ ৰোপণ কৰিছিল আৰু ইয়াক বন সংৰক্ষিত স্থানলৈ পৰিৱৰ্তন কৰিছিল।

9. নিম্নলিখিত কোনখন জিলাত  মোলাই বনাঞ্চলত  (Molai Forest) অৱস্থিত?
(A) গোলাঘাট
(B) যোৰহাট
(C) মাজুলী
(D) ডিব্ৰুগড়

উত্তৰ: (C) মাজুলী

ব্যাখ্যা:- মোলাই বনাঞ্চল মাজুলী জিলাত  (Molai Forest) অৱস্থিত।

  • মোলাই অৰণ্য হৈছে অসমৰ মাজুলী জিলাৰ এখন অৰণ্য ।
  • ইয়াক ভাৰতীয় পৰিৱেশ কৰ্মী আৰু বনকৰ্মী যাদৱ পায়েঙৰ নামেৰে নামাকৰণ কৰা হৈছে।
  • বনাঞ্চলটো 30 বছৰৰ সময়সীমাত পায়েঙে এককভাৱে ৰোপণ কৰিছিল আৰু প্ৰায় 1,360 একৰ /550 হেক্টৰ এলেকা সামৰি লৈছিল।
  • পায়েঙে ব্ৰহ্মপুত্ৰ নদীৰ বালিদণ্ডত (sandbar) গছ ৰোপণ কৰিছিল আৰু ইয়াক বন সংৰক্ষিত স্থানলৈ পৰিৱৰ্তন কৰিছিল।

10. নিম্নলিখিত কোনটো অসমৰ সপ্তম ৰাষ্ট্ৰীয় উদ্যান?
(a) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান
(b) ওৰাং ৰাষ্ট্ৰীয় উদ্যান
(c) ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যান 
(d) নামেৰি ৰাষ্ট্ৰীয় উদ্যান

Read More

অসমীয়া সাহিত্য Set-1অসমীয়া সাহিত্য Set-2
অসমীয়া সাহিত্য Set-3 

উত্তৰ: (a) দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান

ব্যাখ্যা:-

  • দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান (Dehing Patkai National Park) অসমৰ ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত এখন ৰাষ্ট্ৰীয় উদ্যান।
  • ইয়াক ‘পূবৰ আমাজান’ (The Amazon of the east) বুলিও আখ্যা দিয়া হয়।
  • ২০০৪ চনত ইয়াক অভয়াৰণ্য হিচাপে স্থাপন কৰা হৈছিল। 
  •  অসম চৰকাৰে ২০২১ চনৰ ৯ জুন তাৰিখৰ এক ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰে ।

11. অসমৰ ষষ্ঠ ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা নিম্নলিখিত কোনখন জিলাত অৱস্থিত? 
(a) বাক্সা
(b) ডিব্ৰুগড়
(c) কোকৰাঝাৰ 
(d) গোলাঘাট

উত্তৰ: (c) কোকৰাঝাৰ 

ব্যাখ্যা:- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত  অৱস্থিত।

  •  অসম চৰকাৰে ২০২১ চনৰ ৯ জুন তাৰিখৰ এক ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰে ।

12. ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান নিম্নলিখিত কোনটোৰ বাবে বিখ্যাত?
a) Golden Langur(সোণালী বান্দৰ)
b) Pigmy Hog
c) Gibbon
d) One horned rhino

উত্তৰ: a) Golden Langur(সোণালী বান্দৰ)

ব্যাখ্যা:- ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান Golden Langur(সোণালী বান্দৰ)বাবে বিখ্যাত

  • ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত  অৱস্থিত
  •  অসম চৰকাৰে ২০২১ চনৰ ৯ জুন তাৰিখৰ এক ৰাজপত্ৰিত নিৰ্দেশৰ যোগেদি ইয়াক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষিত কৰে ।

13. অসমত নিম্নলিখিত কোনটো ঠাই বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত?
a) নামেৰি ৰাষ্ট্ৰীয় উদ্যান
b) গৰমপানী বন্যপ্ৰাণী অভয়াৰণ্য
c) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান
d) ওপৰৰ কোনোটো নহয়

উত্তৰ: c) ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান

ব্যাখ্যা:- ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান বনৰীয়া ঘোঁৰাৰ বাবে জনাজাত

  • ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাৰ অন্তৰ্গত ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যানৰ মাটিকালি ৩৪০ বৰ্গ কিলোমিটাৰ। 
  •  দুষ্প্ৰাপ্য দেওহাঁহৰ প্ৰধান আৱাস ভূমি ৰূপে এই ৰাষ্ট্ৰীয় উদ্যান স্বীকৃতি। 
  • ই বিশ্বৰ একমাত্ৰ বনাঞ্চল, য’ত বনৰীয়া ঘোঁৰা পোৱা যায়।
  • ডিব্ৰু আৰু ছৈখোৱা এই দুয়োখন বনাঞ্চলক ১৮৯০ আৰু ১৯২৯ চনত চৰকাৰীভাৱে সংৰক্ষিত বনাঞ্চল ঘোষণা কৰা হৈছিল।
  • পৰৱৰ্তী সময়ত দুয়োখন সংৰক্ষিত বনাঞ্চল সামৰি ১৯৯৫ চনত ৩৪০ বৰ্গ কিঃমিঃ এলেকাৰে ডিব্ৰু-ছৈখোৱা অভয়াৰণ্য ঘোষণা কৰা হৈছিল। 
  • ১৯৯৭ চনত  ডিব্ৰু-ছৈখোৱা সংৰক্ষিত জৈৱ মণ্ডল (Dibru-Saikhowa Biosphere Reserve) হিচাবে ঘোষণা কৰা হৈছিল।
  • উল্লেখযোগ্য, ডিব্ৰু-চৈখোৱা উত্তৰ-পূৰ্বাঞ্চলৰ দ্বিতীয়খন (প্ৰথম মানাহ ৰাষ্ট্ৰীয় উদ্যান) জৈৱ মণ্ডল সংৰক্ষিত বনাঞ্চল। 
  • ১৯৯৯ চনত ৩৪০ বৰ্গ কিঃমিঃৰ অভয়াৰণ্যখনক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰি ডিব্ৰু-ছৈখোৱা ৰাষ্ট্ৰীয় উদ্যান হিচাবে চৰকাৰী স্বীকৃতি প্ৰদান কৰা হৈছিল।

14. অসমত কিমানটা ইউনেস্কো বিশ্ব ঐতিহ্যক্ষেত্ৰ (UNESCO world heritage sites) অঞ্চল  আছে?
a) 1
b) 2
c) 3
d) 4

উত্তৰ: b) 2

ব্যাখ্যা:-

  1. কাজিৰঙা বন্যপ্ৰাণী অভয়াৰণ্য আৰু
  2. মানস বন্যপ্ৰাণী অভয়াৰণ্য

15. অসমৰ প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম কি?
a) ডিব্ৰু-চাইখোৱা ৰাষ্ট্ৰীয় উদ্যান
b) মানস ৰাষ্ট্ৰীয় উদ্যান
c) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান
d) ওৰাং ৰাষ্ট্ৰীয় উদ্যান

উত্তৰ: মানস ৰাষ্ট্ৰীয় উদ্যান

ব্যাখ্যা:- অসমৰ (আনকি উত্তৰ-পূব)প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান

  1. অসমৰ (আনকি উত্তৰ-পূব)প্ৰথমখন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান ।
  2. অসমৰ দ্বিতীয়খন জৈৱমণ্ডল সংৰক্ষিত বনাঞ্চলৰ নাম হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান।

16. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰ কিমান?
a) 66.27 %
b) 72.19 %
c) 77.85 %
d) 78.1 %

উত্তৰ: b) 72.19 %

ব্যাখ্যা:- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ সাক্ষৰতাৰ হাৰহৈছে 72.19 %

  1. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে 72.19%।
  2. পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ 66.27%।

17. ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ কিমান?
a) 66.27 %
b) 72.19 %
c) 77.85 %
d) 78.1 %

উত্তৰ: a) 66.27 %

ব্যাখ্যা:- ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ হৈছে 66.27 %

  1. 2011 চনৰ লোকপিয়ল অনুসৰি অসমৰ মুঠ সাক্ষৰতাৰ হাৰ হৈছে 72.19%।
  2. পুৰুষৰ সাক্ষৰতাৰ হাৰ হৈছে 77.85% আৰু অসমত মহিলাৰ সাক্ষৰতাৰ হাৰ 66.27%।

18. ভাৰতত জনসংখ্যা অনুসৰি অসমৰ স্থান কিমান?
a) 14th
b) 15th
c) 16th
d) 17th

উত্তৰ: b) 15th

19. উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান কিমান?
(A) 1st
(B) 2nd
(C) 3rd
(D) 4th

উত্তৰ: (B) 2nd

ব্যাখ্যা:- 

  • ২০১১ চনৰ লোকপিয়ল অনুসৰি অসমৰ মহিলা সাক্ষৰতাৰ হাৰ হৈছে 66.27 %
  • উত্তৰ-পূবৰ ৰাজ্যসমূহৰ ভিতৰত মাটিকালি অনুসৰি অসমৰ স্থান দ্বিতীয় । অসমৰ মাটিকালি হৈছে -78,438 বৰ্গ কিমি ।
  • আনহাতে অৰুণাচল প্ৰদেশ প্ৰথম স্থান ত আছে অৰুণাচল প্ৰদেশৰ মাটিকালি হৈছে – 83,743 বৰ্গকিমি ।

20. ভাৰতীয় ভূখণ্ডৰ কিমান শতাংশ মাটি অসম ৰাজ্যই আগুৰি আছে?
a) 2.1 %
b) 2.2 %
c) 2.3 %
d) 2.4%

উত্তৰ : d) 2.4%

ব্যাখ্যা:- ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 2.4% অসমত আছে আৰু দেশৰ 2.6% জনসংখ্যা অসমত বাস কৰে ।

21. অসমৰ মুঠ মাটিকালি কিমান?
a)  ৭৮,০০০ বৰ্গ কিলোমিটাৰ।
b)  ৭৮,২৩৮ বৰ্গ কিলোমিটাৰ।
c)  ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।
d)  ৭৮,৬৩৮ বৰ্গ কিলোমিটাৰ।

উত্তৰ : c)  ৭৮,৪৩৮ বৰ্গ কিলোমিটাৰ।

22. ২০১১ চনৰ লোকপিয়ল অনুসৰি ভাৰতৰ মুঠ জনসংখ্যাৰ কিমান শতাংশ অসমত বাস কৰে?
a) 2.2 %
b) 2.3 %
c) 2.4%
d) 2.6%

উত্তৰ : d) 2.6%

ব্যাখ্যা:- ভাৰতৰ মুঠ ভৌগোলিক এলেকাৰ প্ৰায় 2.4% অসমত আছে আৰু দেশৰ 2.6% জনসংখ্যা অসমত বাস কৰে ।

23. আন্তৰ্জাতিক সীমান্তৰ সৈতে অসমৰ কিমানখন জিলাৰ সীমা আছে?
(a) 5
(b) 6
(c) 7
(d) 8

উত্তৰ : (d) 8

ব্যাখ্যা:-

24. প্ৰথমতে কোনখন উত্তৰ-পূব ৰাজ্যই অসমৰ পৰা আঁতৰি এখন পূৰ্ণাংগ ৰাজ্য গঠন কৰিছিল?
a) নাগালেণ্ড
b) মেঘালয়
c) মণিপুৰ
d) অৰুণাচল প্ৰদেশ

উত্তৰ : a) নাগালেণ্ড

ব্যাখ্যা:- 1963 চনত, নাগালেণ্ড এখন পৃথক ৰাজ্যত পৰিণত হয়।

25. অসমত কিমান শতাংশ মাটি বনাঞ্চলেৰে আৱৰি আছে?  
a) 21.21 %
b) 29.30 %
c) 34.21 %
d) 39.30 %

উত্তৰ : c) 34.21 %


Related Topics

Leave a Comment

Your email address will not be published. Required fields are marked *

Scroll to Top